৭৫ তম স্বাধীনতা দিৱস উদযাপন

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, শিৱসাগৰ,সোণাৰি ৭৫ তম স্বাধীনতা দিৱস উদযাপন ।

দিনাংক :--- ১৫ আগষ্ট,২০২১
৭৫ তম স্বাধীনতা দিৱসৰ মূল বিষয় :-- "Nation First, Always First"

ক'ভিড প্ৰট'কল মানি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান , শিৱসাগৰ, সোণাৰিত আজি ৭৫ তম স্বাধীনতা দিৱস পালন কৰা হয় । প্ৰতিষ্ঠানৰ চতুৰ্থ ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী লক্ষ‍্যজিৎ ফুকনে আঁত ধৰা অনুষ্ঠানটিৰ প্ৰথম কার্যসূচী হিচাপে প্ৰতিষ্ঠানৰ চৌহদ পৰিষ্কাৰ কৰে প্ৰশিক্ষাৰ্থী ৰ লগতে প্ৰতিষ্ঠানৰ কৰ্মচাৰী বৃন্দই । পিছৰ কার্যসূচী হিচাপে বৃক্ষ ৰোপণ কৰে প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰীযুত ৰাজেন দত্ত ছাৰ আৰু জ্যেষ্ঠ প্ৰবক্তা শ্ৰীযুত বিমান চন্দ্ৰ দত্ত ছাৰে । ইয়াৰ পিছত সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা ও বক্তব্য দাঙি ধৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মাননীয় অধ্যক্ষ শ্ৰীযুত ৰাজেন দত্ত মহোদয়ে । পতাকা উত্তোলন কার্যসূচীত অধ্যক্ষ মহোদয়ক সহায় কৰে জ্যেষ্ঠ প্ৰবক্তা শ্ৰীযুত বিমানচন্দ্ৰ দত্ত মহোদয় আৰু ধীৰাজ কাকতি ছাৰে আৰু সমবেত সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে।